অমৰ জীৱ: জেলিফিচ্‌ ‘টুৰিটপ্‌চিচ্‌ ড’ৰ্নি’ (Turritopsis dohrnii)

জীৱৰ বাবে অমৰত্ব লাভ সম্ভৱনে? অথবা প্ৰাণীয়ে বৃদ্ধ কালত চিৰন্তনৰূপে ভূগি অহা জৰাৱস্থাৰ পৰা মুক্তি পোৱাৰ কিবা উপায় আছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিশ্বৰ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু কোনো সদুত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই। অৱশ্যে যোৱা শতিকাৰ আশীৰ দশকত আকস্মিকভাৱে ঘটনাক্ৰমে আৱিষ্কৃত এবিধ জেলিফিচৰ জীৱন চক্ৰত দেখা পোৱা কেতবোৰ শাৰীৰিক বৈশিষ্ট্যই সম্প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষিত কৰিছে আৰু এই দিশত নতুন গৱেষণাৰ সমল দিছে।

জেলিফিচ্‌ হ’ল লোপথুপীয়া শৰীৰযুক্ত এক প্ৰকাৰৰ অদ্ভূত সাগৰীয় প্ৰাণী। ইহঁতৰ শাৰীৰিক বৈশিষ্ট অতি আশ্চৰ্য্যকৰ – এক মনোমোহা ৰঙীন ছাতিৰ দৰে, য’ৰ পৰা দীঘল-দীঘল সূতাৰ দৰে কেতবোৰ কৰ্ষিকা (tentacle) ওলমি থাকে। এই কৰ্ষিকাবোৰৰ আগত থকা শুংযুক্ত কোষবোৰৰ সহায়ত জেলিফিচে চিকাৰ কৰিব পাৰে আৰু নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰে। কিছুমান জেলিফিচে আকৌ কৰ্ষিকাবোৰৰ সহায়ত সাগৰৰ তলিত খোপনি পুতি লৰচৰ নকৰাকৈ নিজক ধৰি ৰাখে। প্ৰকৃত জেলিফিচ্‌ (true jellyfish) বিলাক ছাইফ’জ’ৱা (Scyphozoa) শ্ৰেণীৰ অন্তৰ্গত আৰু ইহঁত সাগৰীয় প্ৰাণী। কিন্তু ইহঁততকৈ সৰু আকৃতিৰ আন এক প্ৰকাৰৰ জেলিফিচ্‌ নিৰ্মল পানীত বাস কৰে; সিহঁত হাইদ্ৰ’জ’ৱা (Hydrozoa) শ্ৰেণীৰ অন্তৰ্গত। জেলিফিচৰ জীৱনচক্ৰত ইহঁত মূলতঃ দুই ভিন্ন ৰূপত থাকে – মেদুচা আৰু প’লিপ। প’লিপবোৰে অযৌন পদ্ধতিৰে বংশবৃদ্ধি কৰাৰ বিপৰীতে মেদুচাবোৰে কণী আৰু শুক্ৰ সৃষ্টি কৰি যৌনপদ্ধতিৰে বংশবৃদ্ধি কৰে।

মেদুচা হ’ল জেলিফিচৰ পূৰ্ণাঙ্গ প্ৰাপ্তবয়স্ক অৱস্থা, যিটোক প্ৰকৃততে তাৰ পৰিচিত ছাতিৰ আকৃতিত দেখা পোৱা যায়। প্ৰাপ্তবয়স্ক মতা আৰু মাইকী মেদুচাবিলাকে জাক পাতি সাগৰৰ পানীত সিহঁতৰ মুখৰ পৰা একেসময়তে একেলগে থোপাথোপে শুক্ৰ আৰু কণী উৎপাদন কৰে। প্ৰজনন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছতে স্বাভাৱিকভাৱে মেদুচাবোৰৰ মৃত্যু হয়।

সৰহভাগ প্ৰজাতিৰ ক্ষেত্ৰতে নিষেচন প্ৰক্ৰিয়া সাগৰৰ পানীতে সংঘটিত হয়, কিন্তু কেতবোৰ প্ৰজাতিৰ ক্ষেত্ৰত শুক্ৰবোৰে সাঁতুৰি মাইকী মেদুচাৰ মুখৰ ভিতৰলৈ সোমাই তাতেই কণীবোৰ নিষেচিত কৰে। নিষেচিত কণীবোৰ পৰৱৰ্তী সময়ত ‘প্লেনুলা’ পৰ্য্যায়লৈ বিকশিত হয়, যি হ’ল চেপেটা ক্ষুদ্ৰ নাচপতি একোটাৰ আকৃতিৰ পলুসদৃশ ৰূপ। এইদৰে ভালেমান দিন ধৰি ক্ৰমশঃ বিকশিত হোৱাৰ পাছত প্লেনুলাবিলাক কঠিন পৃষ্ঠত লাগি ধৰে আৰু ক্ৰমান্বয়ে পুষ্পসদৃশ প’লিপলৈ ৰূপান্তৰিত হয়। প’লিপৰো মেদুচাৰ দৰে শুং আৰু মুখ থাকে, আৰু ইহঁতে সাগৰীয় আন ক্ষুদ্ৰ প্ৰাণী খাই জীয়াই থাকে। প’লিপবোৰে অযৌন অঙ্কুৰণ পদ্ধতিৰে বংশবৃদ্ধি কৰি নতুন প’লিপৰ জন্ম দিব পাৰে নতুবা ৰূপান্তৰিত হৈ মেদুচা ৰূপ ল’ব পাৰে। নিৰ্মল পানীৰ হাইদ্ৰ’জ’ৱাবিলাকৰ প’লিপবোৰৰ পৰা অঙ্কুৰিত হৈও মেদুচাৰ জন্ম দিব পাৰে।

0
Show Comments (0) Hide Comments (0)
0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments